Psalms 23

দায়ুদৰ ৰচিত গীত

1যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
2তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়;
আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।

3তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে;

নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্ম্মপথত চলায়।

4এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰো,

কিয়নো তুমি মোৰ সঙ্গত আছা;
তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।

5তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;

তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;
মোৰ পান-পাত্ৰ উপচি পৰিছে।

অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হব,

আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।
6

Copyright information for AsmULB